খেৰণিঃ কাৰ্বি আংলঙৰ ৰংখাং পৰিষদীয় সমষ্টিৰ সাতগাঁৱত আৰু ডংকামোকামৰ আৰটো-কেকানত কাৰ্বি লাংপি ক্লাছটাৰ লেভেল ফেডাৰেচনৰ উদ্যোগত মহিলা আত্ম-সহায়ক গোটৰ দ্বিতীয় বাৰ্ষিক সভা অনুষ্ঠিত গয়৷
আত্ম-সহায়ক গোটৰ দ্বিতীয় বাৰ্ষিক সভা আৰু অজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ দুয়ো খন সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙ, কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, বৈঠলাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, পৰিষদীয় কাৰ্যবাহী সদস্য জগৎছিং ইংতি, পৰিষদীয় সদস্য মংগলছিং তিমুং, দৰছিং ৰংহাং, ৰামছিং তিমুং, লুনছিং টেৰণ, গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি উপস্থিত থাকে।