খেৰণিঃ এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ৷ কহুৱা আৰু শেৱালীৰ শুভ্ৰ দলিচাৰ ওপৰেৰে ধৰালৈ নামিছে শৰৎ৷ লগতে শৰতৰ উচাহত প্ৰাণ ঢালি ঘটিছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ আগমন৷ সমগ্ৰ ৰাজ্যজুৰি চলিছে মা দুৰ্গাক আদৰাৰ আয়োজন৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্ততো এতিয়া পূৰ্ণ উদ্যমেৰে চলিছে দুৰ্গোৎসৱৰ ব্যপৰ প্ৰস্তুতি৷ তাৰ মাজতে চলিছে মাণ্চলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰো ব্যপক প্ৰস্তুতি৷
সমগ্ৰ কাৰ্বি আংলঙৰ আন আন মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমাজৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত থকা মুঠ ৬ টাকৈ মণ্ডলত কাৰ্বি সাংস্কৃতিক সমাজে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে৷ ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ গৰকা কাৰ্বি সাংস্কৃতিক সমাজে তেওঁলোকলৰ উদ্যোগত ২৫ সংখ্যক জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবং-লাংচিবু আক্লামত অনুষ্ঠিত কৰাৰ মানসেৰে পূৰ্ণ প্ৰস্তুতি চলাইছে৷