ডিজিটেল ডেস্ক |খেৰণিঃ কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্বি পাহাৰত আজিৰে পৰা আৰম্ভ হ'ল ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আনুষ্ঠানিক কাৰ্যসূচী। ৰাজ্যৰ লগতে কাৰ্বি পাহাৰত আধ্যাত্মিকতা আৰু জাকজমকতাৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰে দূৰ্গোৎসৱ অনুষ্ঠিত হৈ থকাৰ সমান্তৰালকৈ প্ৰতিযোগিতামূলকভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। 

 

ঠিক একেদৰে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ২৬ সংখ্যক জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবং-লাংচিবু আক্লামতো অনুষ্ঠিত হৈছে। ১৬ অক্টোবৰৰ সন্ধিয়া কাৰ্বি সাংস্কৃতিক সমাজ, জেংখা মণ্ডলৰ অধীনত থকা সাংস্কৃতিক দলসমূহক আদৰণি আৰু সম্বৰ্ধনা জনোৱাৰ পাছত কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰাৰে আজিৰে পৰা আনুষ্ঠানিক কাৰ্যসূচীৰে আৰম্ভ কৰে ২৬ সংখ্যক জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱক আয়োজক সমিতিয়ে।

উল্লেখযোগ্য যে কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰাৰৰ পাছতেই মহোৎসৱস্থলিত কাৰ্বি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন কৰে আয়োজিত অনুষ্ঠানৰ আহ্বায়ক কমিটিৰ সভাপতি ধনছিং ডেৰাই লগতে জিলাখনৰ শ্বহীদ আৰু প্ৰয়াত বিশিষ্ট ব্যক্তিক স্মৰণ কৰি শ্বাহীদবেদিত বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ন কৰে। আৰু এনেদৰে ভিন্ন কাৰ্যসূচী ৰূপায়নেৰে ১৬ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈকে অনুষ্ঠিত কৰা মহোৎসৱৰ পৰৱৰ্তী কাৰ্যসূচীৰ দিশে আজিৰে পৰা অনুষ্ঠানিকভাৱে আগবাঢ়ে উল্লেখিত আয়োজক কমিটিয়ে। 

মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশ হিচাপে দেখিবলৈ পাব কাৰ্বিসকলৰ ৰীতি-নীতি, কলা-সংস্কৃতি, নৃত্য-গীত আৰু বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খেল-ধেমালি মহোৎসৱৰ যোগেদি।