60
ডিজিটেল ডেস্ক |খেৰণিঃ কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্বি পাহাৰত আজিৰে পৰা আৰম্ভ হ’ল ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আনুষ্ঠানিক কাৰ্যসূচী। ৰাজ্যৰ লগতে কাৰ্বি পাহাৰত আধ্যাত্মিকতা আৰু জাকজমকতাৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰে দূৰ্গোৎসৱ অনুষ্ঠিত হৈ থকাৰ সমান্তৰালকৈ প্ৰতিযোগিতামূলকভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ।