খেৰণিঃ অতিৰিক্ত কৰ সংগ্ৰহক লৈ নিশা হুলস্থুল লাগিল পশ্চিম কাৰ্বি আংলঙৰ ৰানাইমা প্ৰৱেশ কৰ সংগ্ৰহ কৰা (Entry tax) গেটত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত ফৰেষ্ট বজাৰত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনত স্থাপন কৰা প্ৰৱেশ কৰ সংগ্ৰহৰ (Entry tax) গেটত গেটকৰ্মীয়ে কাউণ্টাৰত নিজে ৰখা ৰচিদৰ টুকুৰাত ৪০০ টকাৰ কথা উল্লেখ কৰাৰ বিপৰীতে গাড়ীৰ মালিক অথবা চালকক প্ৰদান কৰা টুকুৰাত ৮০০ টকা উল্লেখ কৰি অতিৰিক্ত পৰিমাণত ৪০০ টকাকৈ গেট কৰ্মীয়ে সংগ্ৰহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।