ছাইদুল ইছলাম, ডিফু

ডিফুঃ কাৰ্বি আংলং আৰু ডিমা হাচাও আৰক্ষীৰ জালত পৰিছে আলোচনা বিৰোধী উগ্ৰপন্থী সংগঠন কেপিএলটি  দুৰ্ধৰ্ষ ৫ নেতা কেডাৰ৷ যোৱা ১৫ দিন ধৰি চলোৱা অভিযানৰ শেষত আৰক্ষীৰ জালত পৰিল সংগঠনটোৰ ৫ জনকৈ শীৰ্ষ নেতা৷ যোৱা কিছুদিন পূৰ্বে বকলীয়াঘাটৰ এক অপহৰণ কাণ্ডৰ পিছতেই সংগঠনটোৰ বিৰুদ্ধে সৰব হৈ পৰিছিল সেনা আৰক্ষীয়ে ফলসস্বৰূপে অভিযানকাৰী দলে দুজনকৈ উগ্ৰপন্থী সদস্য কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ লগতে অপহৃতাকো জীৱিত উদ্ধাৰ কৰিছিল৷ 

সোমবাৰে বিয়লি ডিফুস্থিত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি উগ্ৰপন্থী বিৰোধী অভিযানৰ সফলতাৰ বিষয়ে কয় চেণ্ট্ৰেল ৰেঞ্জৰ ডিআইজি দিলীপ কুমাৰ দেই সংবাদ মাধ্যমৰ আগত কয় যে যোৱা কিছুদিন ধৰি আলোচনা বিৰোধী কেপিএলটিৰ একাংশ সদস্যই ক্ৰমে কাৰ্বি আংলং, ডিমা হাচাও, হোজাই আৰু গোলাঘাট জিলাত ধনদাবী অপহৰণ আৰু ভাবুকিৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল৷

অৱশেষত কাৰ্বি আংলং আৰু ডিমা হাচাও আৰক্ষীয়ে আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত জিলাখনৰ কেইবাগৰাকী আৰক্ষীৰ বিষয়াৰ তৎপৰতাত দুৰ্ধৰ্ষ সদস্য কেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা কাৰ্যত অভিযানকাৰী দলটোক ধন্যবাদ জনায়৷ ডিআইজি গৰাকীয়ে আনকি ধৃত সদস্য কেইজনক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে গঁড় হত্যা কাৰ্যত জড়িত আছিল বুলি জনাইছে৷ 

তেওঁ উগ্ৰপন্থী সদস্য কেইজনক মূলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে মূলসূঁতিলৈ ঘূৰি আহিলে তেওঁলোকক চৰকাৰৰ স্বাৱলম্বন আঁচনিৰে স্বনিৰ্ভৰশীল কৰা হ’ব বুলি কয়৷ ধৃত সদস্য কেইজনৰপৰা আৰক্ষীয়ে বিভিন্ন ৰেঞ্জৰ মেগজিনসহ চাৰিটা পিষ্টল, বৃহৎ পৰিমানৰ সজীৱ গুলী, মোবাইল হেণ্ডছেটসহ বৃহৎ পৰিমানৰ বিভিন্ন কোম্পানীৰ ছীম কাৰ্ড, ধনদাবী পত্ৰ, ৰিচিভ বুক, দৰব আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ 

এতিয়ালৈ আটকাধীন উগ্ৰপন্থী সদস্য কেইজন ক্ৰমে ৰিতেশ টেৰণ, মুখ্য সেনাধ্যক্ষ মেনচিং টকবী, সচিব মেনচ্ং ক্ৰামছা, বিস্তাৰ হাঞ্চে, হেডচিং ফাংচ', জিতেন ক্ৰ', আৰু হাৰচিং ৰংহি৷ আনহাতে, কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক গৌৰব কুমাৰ উপাধ্যায়ে কয় যে উগ্ৰপন্থী সদস্য কেইটা আটক হোৱাৰ পিছত সংশ্লিষ্ট এলেকা সমূহত ধনদাবী অপহৰণ হ্ৰাস পোৱাৰ লগতে অভিযানত জড়িত আৰক্ষী আৰু সেনাৰ দলটোৱে সকাহ পাব৷