কাৰ্বি আংলংঃ এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনসভা, আনফালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল তথা প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শনিবাৰে সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাতো সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ৫ খন আঞ্চলিক সমিতি ক্ৰমে বোকাজান আঞ্চলিক ছাত্ৰ সন্থা, ডিফু আঞ্চলিক ছাত্ৰ-সন্থা, বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থা, হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়নেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
