খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বিথুং-ৰেংথেমা পৰিষদীয় সমষ্টিৰ তুমপ্ৰেঙৰ মুগাচঙত মুক্তিযুদ্ধা তথা ভাৰতীয় শ্বহীদ মেজৰ দুৰ্গা মল্লৰ এটি আৱক্ষ মূৰ্তি দেওবাৰে উন্মোচন কৰা হয়। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য জগতছিং ইংতি, ৰূপছিং টেৰণ, প্রদীপ ৰংপি, ৰাজু তিচ্ছই, তাৰেন্দ্ৰ ব্ৰহ্মৰ উপস্থিতিত বিধায়ক মানছিং ৰংপিয়ে প্ৰতিমূৰ্তি উন্মোচন কৰে৷
প্ৰতিমূৰ্তি উন্মোচনৰ পিছতে অনুষ্ঠিত সভাত নেপালী সম্প্ৰদায়ৰ পুৰুষ-মহিলা, শিশু-বৃদ্ধক নেপালী ভাষাৰে সম্বোধন কৰি অভিনন্দন যাছে বিধায়ক ডঃ মানছিং ৰংপিয়ে।বীৰ শ্বহীদগৰাকীৰ স্মৰণ কৰি মুগাচঙত স্থাপন কৰা শ্বহীদ মেজৰ দুৰ্গা মল্লৰ আৱক্ষ মূৰ্তিয়ে সকলোকে দেশৰ হৈ কাম কৰি যাবলৈ প্ৰেৰণা দি যাব বুলি কয়৷