Home ৰাজ্যতাই আহোম ছাত্ৰ সন্থাৰ ৬ সদস্যৰ পদত্যাগ, যুৱ-ছাত্ৰ পৰিষদত যোগদান

তাই আহোম ছাত্ৰ সন্থাৰ ৬ সদস্যৰ পদত্যাগ, যুৱ-ছাত্ৰ পৰিষদত যোগদান

by News Desk
A+A-
Reset
ffac75e0-00c6-4ca2-acbd-c3f4d0409da2

কাৰ্বি আংলংঃ তাই আহোম ছাত্ৰ সন্থাৰ বোকাজান আঞ্চলিক সমিতিৰপৰা ৬ জনকৈ বিষষববীয়া তথা সদস্যই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদত যোগদান কৰে৷ কালি এই সন্দৰ্ভত তাই আহোম ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতিলৈ সদস্য কেইগৰাকীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বুলিও জানিবলৈ দিছে৷ 

তাই আহোম ছাত্ৰ সন্থাৰপৰা পদত্যাগ কৰা বিষয়ববীয়া তথা সদস্য কেইজন হৈছে ক্ৰমে বোকাজান আঞ্চলিক সমিতিৰ সভাপতি ঋতুৰাজ চাংমাই, যুটীয়া সম্পাদক যোগেন গগৈ, ৰিপনজ্যোতি কোঁৱৰ, সদস্য কুলদীপ গগৈ, প্ৰাণদীপ কোঁৱৰ, মনোজ বসুমতাৰী৷ আজি এই ৬ গৰাকী সদস্যই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ আজি যুৱ-ছাত্ৰ পৰিষদত যোগদান কৰা এই ৬ গৰাকী সদস্যক একোখনকৈ ফুলাম গামোচাৰে কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু বোকাজান আঞ্চলিক সমিতিৰ সভাপতি লৱজ্যোতি গগৈয়ে সংগঠনলৈ আদৰণি জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0