কাৰ্বি আংলংঃ ভাৰতীয় নিৰ্বাচন আয়োগে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত তিনি পাৰ্বত্য জিলা ক্ৰমে পূব কাৰ্বি আংলং জিলা, পশ্চিম কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলাক সামৰি তিনি নং ডিফু লোকসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনকেন্দ্ৰীক তৎপৰতাৰ সমান্তৰালকৈ প্ৰশাসনে সমষ্টিটোত শান্তিপূৰ্ণ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে ভোট গ্ৰহণ কৰিবলৈ প্ৰশাসনিক কাম কাজসমূহো যুদ্ধংদেহী তৎপৰতাৰে প্ৰায় সম্পুৰ্ণ কৰি তুলিছে৷
বুধবাৰে তৃতীয়বাৰৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা বোকাজান মহকুমাৰ মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত এক সংবাদমেলৰ আয়োজন কৰে৷ এই সংবাদমেলত নিৰ্বাচনী বিষয়া তাহিৰ আলম, অতিৰিক্ত সহকাৰী আয়ুক্তদ্বয় বেমথই আহম চানু, ভাস্কৰজ্যোতি কলিতাই সমাগত লোকসভা নিৰ্বাচন পৰিচালনাৰ সম্পৰ্কত লোৱা ব্যৱস্থা সমূহৰ বিষয়ে অৱগত কৰে৷