ডিফু/বোকাজান: সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু কাৰ্বি আংলং জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক সভাখন আজি বোকাজানৰ চিচিআইৰ ওচৰৰ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ যায়৷
কাৰ্যক্ৰমনিকা অনুসৰি পুৱা আমছুৰ পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ পিছত সভাৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰে কাৰ্বি আংলং জিলা আমছুৰ সাধাৰণ সম্পাদক মজিদ খানে ৷ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক গিয়াছুদ্দিন তপাদাৰে পৌৰাহিত্য কৰা মুকলি সভাখনত উপস্থিত থকা আমছুৰ শীৰ্ষ নেতৃত্ব আৰু বিভিন্ন জিলাৰ পৰা অহা আমছুৰ সভাপতি সম্পাদক সকলক আমছুৰ কৰ্মকৰ্তা সকলে ফুলাম গামোছা আৰু পহ’ৰে উষ্ম সম্বৰ্ধনা জনায় ৷