Home ৰাজ্যকাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা

কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা

by News Desk
61 views
A+A-
Reset

newsnextone| ডিফু: আজি কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা ডিফু স্থিত কেন্দ্ৰীয় কাৰ্যালয়ত জিলা প্ৰেছ ক্লাৱৰ সভাপতি কিৰি ৰংহাঙৰ পৌৰুহিত্যত অনুষ্ঠিত হৈ যায় ৷ সভাত দীৰ্ঘ আলোচনাৰ অন্তত জিলা প্ৰেছ ক্লাৱত খালী হৈ থকা উপসভাপতিৰ পদত দীপাংকৰ দাস, জিতেন ৰংহাঙ, কাৰ্যালয় সম্পাদকৰ পদত প্ৰদীপ ক্ৰ আৰু সাংগঠনিক সম্পাদক হিচাপে ছাইদুল ইছলাম আৰু মংগল ইংহিক দায়িত্ব অৰ্পণ কৰা হয়৷ সভাত গৃহীত আনান্য প্ৰস্তাৱনা সমূহ ক্ৰমে, জিলা প্ৰেছ ক্লাৱৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ আনুষ্ঠানিক উদ্ধোধন ১৬ নৱেম্বৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত কৰা হব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ জিলা প্ৰেছ ক্লাৱৰ সদস্য পদ অতি কম দিনৰ ভিতৰতে সদস়্য সকলৰ সংশ্লিষ্ট হাউছৰ অনুমোদন ক্ৰমে প্ৰদান কৰা হব৷ আনহাতে যিকোনো ব্যক্তি বা দল-সংগঠন বিশেষৰ অভিযোগ যথোচিত তদন্ত কৰাৰ পিছতহে বাতৰি প্ৰকাশ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ আজিৰ সভাত জিলা প্ৰেছ ক্লাৱৰ শীৰ্ষ নেতৃত্ব ক্ৰমে সঞ্জু বৰা, দেৱজ্যোতি বৰা, ৰাজীৱ মেছ আৰু সাধাৰণ সম্পাদক ডেনিয়েলচন বে’ উপস্থিত থাকে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0