newsnextone.com | কাৰ্বি আংলংঃ ১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ (বৰ্তমানৰ কাৰ্বি আংলং) জিলা গঠন হোৱাৰ পূৰ্বৰ পৰাই যুগ যুগ ধৰি এই পাহাৰীয়া জিলাখনত বসবাস কৰি থকা অ-জনজাতীয় লোকসকলৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদীয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাই জিলাখনৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে৷ 

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ত বিগত বৰ্ষতে ৰতন টেৰণে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত এক আবেদনৰ ভিত্তিত পঞ্জীভুক্ত ৯/১৭ নম্বৰৰ গোচৰ সন্দৰ্ভত যোৱা ১৭ জুলাই তাৰিখে জাৰি কৰা এনে এক অন্তৱৰ্তী ৰায়ৰ ভিত্তিত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সুকীয়া নিৰ্বাচনবিধি প্ৰস্তুতিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ উক্ত ৰায়দানৰ ভিত্তিত কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে পাবৰ্ত্য জিলাখনত বসবাস কৰা অ-জনজাতিৰ লোক সকলৰ নাম পৰিষদৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ প্ৰস্তাৱক লৈ জিলাখনত প্ৰায় দুমাহ ধৰি চলি আহিছিল এক চেপা উত্তেজনা। 

ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত পৰিষদে এমএছি হৰেনছিং বেৰ নেতৃত্বত গঠন কৰি দিছিল এক সমিতি৷ এই সমিতিয়ে ছেপ্তেম্বৰ মাহৰ ভিতৰত দল-সংগঠনৰ মতামত বিচাৰি এক জাননী জাৰি কৰিছে। পৰিষদৰ এই পদক্ষেপৰ বিৰুদ্ধে আজি বোকাজানত ঐক্যবদ্ধ সংগ্ৰামৰ বাবে পাহাৰীয়া জিলাখনৰ ১৫টাতকৈও অধিক অ-জনজাতীয় সংগঠন একগোট হয়৷ পাহাৰৰ কেইটামান জনজাতীয় সংগঠনৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ ভিত্তিত জুন মাহত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে স্বায়ত্ত্বশাসিত পৰিষদৰ ভোটাৰ তালিকাৰ সন্দৰ্ভত নতুন আইন কৰাৰ বাবে দিয়া ৰায়ে কাৰ্বি আংলং জিলাত বসবাস কৰা অ-জনজাতীয় লোক সকললৈ নমাই আনে এক জটিল সন্ধিক্ষণ৷ 

আবেদনকাৰীয়ে পৰিষদৰ নিৰ্বাচনত অজনজাতিৰ ভোটাধিকাৰ কৰ্তনৰ আবেদন কৰিছিল৷ ন্যায়ালয়ৰ ৰায়ৰ পিছত পৰিষদে এমএছি হৰেনছিং বেৰ নেতৃত্বত নতুন আইন কৰিবলৈ এখন সমিতি গঠন কৰি দিয়ে৷ এই সমিতিয়ে ৩০ ছেপ্তেম্বৰৰ ভিতৰত দল-সংগঠনক ভোটাধিকাৰ কৰ্তনৰ সন্দৰ্ভত মতামত দিয়াৰ আহ্বান জনাইছে৷ আজিৰ সভাত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পোন্ধৰটাতকৈও অধিক সংগঠনৰ নেতৃত্ব বোকাজান নগৰস্থিত প্ৰিয়ংকা ল’জৰ সভাকক্ষত একত্ৰিত হৈ ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰাৰ লগতে সভাত উপস্থিত বোকাজান জিলা দাবী সমিতিৰ সভাপতি নিৰঞ্জন কৰ্মকাৰ, সমাজকৰ্মী মনোহৰ সিং, আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা অনিল তপ্প, নেপালী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ ছেত্ৰীয়ে কয় যে তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু কাৰ্বি জনগোষ্ঠীয় সংগঠনে জিলাখনত বসবাস কৰা অজনজাতীয় লোকসকলৰ পৰিষদীয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ আগতে কাৰ্বি আংলং জিলাৰ ৰাজনৈতিক ইতিহাস আৰু জিলাখনৰ ভৌগলিক চাৰিসীমা জানি লোৱাৰ লগতে ১৯০৫ চনৰ বৰ-অসমৰ মানচিত্ৰ চাবলৈ আহ্বান জনাই৷ 

অ-জনজাতীয় লোকসকলে কাৰ্বি আংলংত শান্তিৰে আৰু সমিল-মিলেৰে বসবাস কৰিব বিচাৰে কিন্ত কাৰ্বি জনগোষ্ঠীয় লোকে হওক, উগ্ৰপন্থীয়ে হওক বা আন অৰাজনৈতিক সংগঠনে হওক এই অজনজাতীয় লোকসকলক হত্যা, ধনদাবী, অপহৰণ আদিৰে হাৰাশাস্তি কৰাৰ বিভিন্ন উদাহৰণ আছে৷ ২০০৪ চনত কুকি হত্যা, ২০০৫ চনত ডিমাচা হত্যা, ২০০৫ চনতে সেই সময়ৰ বিধায়ক জগত সিং ইংতিৰ বাসগৃহৰ সন্মুখত মিথাৰাম হেমৰংক নৃশংসভাবে হত্যা কৰাৰ উপৰিও ২০১৩ চনত ডিফুত ঝংকাৰ হত্যা আৰু শেহতীয়াকৈ চলিত বৰ্ষত ডকমকাত নীল-অভিৰ বৰ্বৰ হত্যাকাণ্ড ইয়াৰ জ্বলন্ত উদাহৰণ৷ 

কিন্ত অজনজাতীয় লোকে নিজ ভোটাধিকাৰৰ জড়িয়তে নিৰ্বাচন কৰি দিয়া কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য, বিধায়ক, মন্ত্ৰী, সাংসদ সকলে কিন্ত কোনোদিনে এই দুষ্কৃতিকাৰী সকলৰ বিৰুদ্ধে এষাৰো মাত মতা শুনিবলৈ পোৱা নাযায় বুলি নেতা কেইজনে অতি ক্ষোভেৰে অভিযোগ কৰি কয়৷ শেহতীয়াকৈ ভোটাধিকাৰ কৰ্তনৰ যি নীতি কাৰ্বি জনগোষ্ঠীয় সংগঠন আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদে গ্ৰহণ কৰিছে এই নীতিয়ে স্বাধীন ভাৰতৰ সংবিধানে প্ৰদান কৰা অধিকাৰ খৰ্ব কৰিছে৷ 

কিন্ত ১৯৫১ চনত অবিভক্ত শিৱসাগৰ, নগাঁও আৰু মেঘালয়ৰ পৰা মাটি আৰু মানুহ আনি সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলা গঠন কৰা হল যদিও মাটিখিনিহে তেওঁলোকে গ্ৰহণ কৰিলে মানুহখিনি কিন্ত বৰ্তমানলৈকে গ্ৰহণ কৰা নহ’ল বুলি তেওঁলোকে অভিযোগ কৰে৷ কাৰ্বি আংলং জিলাত বসবাস কৰা অ-জনজাতীয় লোকসকলে সন্মুখীন হৈ অহা এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমাক মাটিয়ে মানুহে মৰ্যাদাসহ যেনেদৰে ৬ষ্ঠ অনুসূচী জিলাত অন্তৰ্ভুক্ত কৰিছিল ঠিক তেনে মৰ্যাদাৰে মাটি সহ আমাক ঘূৰাই দিয়ক বুলিও সভাত উপস্থিত কেইবাটাও সংগঠনৰ নেতৃত্বই মতপোষণ কৰে৷ 

সংগঠন সমূহে পৰিষদে পাহাৰত অজনজাতীয় ৰাইজৰ ভোটাধিকাৰ খৰ্ব কৰিব বিছাৰিলে তাক মানি লোৱা নহ’ব বুলি স্পষ্ট কৰে৷ আজিৰ সভাত উপস্থিত ১৫ তাতকৈ অধিক অজনজাতীয় সংগঠনৰ নেতৃত্বই পৰিষদ, বিজেপি দল আৰু চৰকাৰকো সমালোচনা কৰাৰ লগতে ঐক্যবদ্ধ সংগ্ৰামৰ বাবে কাৰ্বি আংলং জিলাৰ প্ৰতিটো অ-জনজাতীয় সংগঠনৰ ৫জনকৈ প্ৰতিনিধিৰ অংশগ্ৰহণৰে এখন উমৈহতীয়া মঞ্চ গঠন কৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰেও যুঁজ চলাই নিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়৷