89
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙ থানা অন্তৰ্গত তথা থানাৰ পৰা মাত্ৰ ১–২কি:মি: দূৰত্বত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কেঁকুৰিত বাগৰি পৰে যাত্ৰী কঢ়িয়াই নিয়া এখন শক্তিমান ট্ৰাক। এই শোকাবহ দুৰ্ঘটনাত থিতাতে দুজন নিহত হয়। জৰুৰীকালীন ভাবে চিকিৎসা প্ৰদান কৰি থকা অৱস্থাত চিকিৎসালয়ত মৃত্যু হয় আৰু তিনিজনৰ, বিপৰীতে প্ৰায় ৫০ জন লোক গুৰুতৰ ভাৱে আহত হয় শোকাবহ দুৰ্ঘটনাটিত।