newsnextone.com | ডিফুঃ বহু পলমকৈ হলেও কাৰ্বি আংলঙত বৰ্বৰ আক্ৰমণত নিহত হোৱা দুই যুৱকৰ ঘৰলৈ আহিল কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ এটা দল৷ অভিজিৎ-নিলোৎপলৰ গৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰে৷

উল্লেখ্য যে, পাহাৰীয়া জিলাখনৰ নান্দনিক পৰ্যটন থলী উপভোগ কৰি উভতি অহাৰ বাটত এদল নৰপিশাচৰ হাতত ডকমকাৰ পাণজুৰি কছাৰী গাঁৱত যোৱা ৮জুনত সোপাধৰাৰ সন্দেহত অভিজিৎ-নিলোৎপলক বৰ্বৰ ভাৱে হত্যা কৰিছিল৷ 

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত অহা দলটোৱে দুই শিল্পীৰ ঘৰত উপস্থিত হৈ সমবেদনা জনায়৷ সঁজাতি দলটোত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপচিং টেৰণ, ৰাজু তিচ’, প্ৰাক্তন অধ্যক্ষ তথা এমএচি হৰেণচিং বে’, আৰু লুণচিং টেৰণো আছিল৷ অভিজিৎ-নিলোৎপলৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পিছত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, ইতিমধ্যে অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ডৰ সৈতে জড়িত বহু অপৰাধীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰু আটাকেইজন অপৰাধীক কৰায়ত্ব কৰিবলৈ তদন্ত অব্যাহত ৰখাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷ 

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে বিভিন্ন শ্ৰেণীৰ ৰাইজক কোনো ধৰণৰ উৰা বাতৰি, মিছা বাতৰি, আৰু ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱা পোষ্টত পতিয়ন নগৈ সমাজ খনত যাতে পুনৰ তেনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায়৷ আনহাতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিকসকলক এই ক্ষেত্ৰত ৰাজ্যত শান্তি স্থাপন কৰাত সহায়ক হ'বলৈ আহ্বান জনায়৷

আনহাতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে অভিজিৎ-নিলোৎপলৰ পৰিয়ালবৰ্গৰ বাবে ঘোষণা কৰি ৰখা ৫ লাখ টকাকৈ এককালীন সাহায্য গ্ৰহণৰ ক্ষেত্ৰত অভিজিতৰ পিতৃয়ে উক্ত তেওঁ গ্ৰহণ নকৰো বুলি কৈ জিলা খনৰ সামাজিক কাম-কাজত খৰছ হোৱাটো কামনা কৰে৷ দুয়োগৰাকী শিল্পীৰ পিতৃয়ে সঁজাতি দলটোক জিলা খনত কু-সংস্কাৰ,  অন্ধবিশ্বাস নিঃশেষ কৰিবলৈ সৰ্বস্তৰত সজাগতা আনিবলৈ পৰামৰ্শ আগবঢ়ায়৷