newsnextone.com | বঢ়মপুৰঃ অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ জীয়াৰী পখিলা ইংতিপীয়ে মালয়েছিয়াত অনুষ্ঠিত হৈ থকা এছিয়া পেছিফিক মাষ্টার্ছ গেমছত জয়যাত্ৰা অব্যাহত ৰাখিছে। অসমৰ দুৰন্ত এথেলীট পখিলাই মালয়েছিয়াত অনুষ্ঠিত হৈ থকা এছিয়া পেছিফিক মাষ্টার্ছ গেমছত ভাৰতৰ হৈ ৫০০০ খোজ কঢ়াত স্বর্ণ পদক অৰ্জন কৰাৰ পিছত আজি পুৱা অনুষ্ঠিত হোৱা ১৫০০ মিটাৰ দৌৰতো ব্রঞ্জৰ পদক অৰ্জন কৰি আন এটা সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 

কোনো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্রীড়া প্রতিযোগিতাত এটা সোণৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা পখিলা ইংতিপীয়েই হৈছে কাৰ্বি আংলঙৰ প্রথমগৰাকী এথলীট। 

কাৰ্বি আংলং জিলাৰ ডিফুৰ নিবাসী চিকাৰী ইনহীৰ পত্নী পখিলা ইংতিপী। তিনিটা সন্তানৰ মাতৃৰ এই ঈর্ষনীয় সফলতাত কাৰ্বি পাহাৰত বিভিন্ন জাতি জনগোষ্ঠী আৰু ক্রীড়া প্রেমীৰ মাজত আনন্দৰ বন্যা বোৱাই আনিছে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু বিভিন্ন সামাজিক সাংস্কৃতিক আৰু জাতীয় সংগঠন সমূহে পখিলা ইংতিপীৰ লগতে এছিয়া পেছিফিক মাষ্টার্ছ গেমছত সফলতা অৰ্জন কৰা আৰু প্রতিনিধিত্ব কৰা অসমৰ খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱাৰ বাবে উন্মুখ পৰিছে।