বোকাজানঃ অসম তথা উত্তৰ-পূৱত ৰামায়ণী সাহিত্য চৰ্চাক এক নতুন মাত্ৰা দি গৈছে মামণি ৰয়চম গোস্বামীয়ে৷ মাধৱ কন্দলীয়ে সেই তাহানিতেই অসমীয়ালৈ অনুবাদ কৰিছিল ৰামায়ণ৷ এই ৰামায়ণী সাহিত্য চৰ্চাত পিছপৰি ৰোৱা নাছিল মৌখিক সাহিত্যত অতিকৈ সমৃদ্ধিশালী জাতি ৰূপে পৰিচিত অসমৰ আদিমতম অধিবাসী কাৰ্বিসকলো৷ কাৰ্বি মৌখিক সাহিত্যত ৰামায়ণৰ বিভিন্ন আখ্যানক লৈ প্ৰচলিত হৈ অহা গীতসমূহ ছাবিন আলুন নামেৰে পৰিচিত৷ এই গীতসমূহ ছাবিন ইংতি নামৰ মহান শিল্পীগৰাকীয়ে গোৱা বাবেই সেয়া ছাবিন আলুন বা ছাবিনৰ গীত হিচাপে জনপ্ৰিয় হৈ পৰে৷
মুখে মুখে বাগৰি অহা এই ছাবিন আলুনকে এতিয়া নতুন ৰূপ দিবলৈ আগবাঢ়ি আহিছে কাৰ্বিসকলৰ সমৃদ্ধিশালী লোক-সংস্কৃতিৰ সংৰক্ষণ, প্ৰসাৰণ আৰু গৱেষণাৰ দিশত অগ্ৰণী ভূমিকা পালন কৰা চেন্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ সঞ্চালক তথা আনছাং হিৰজ অৱ নৰ্থ ইষ্ট ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ধৰমছিং টেৰণে৷ তেওঁৰ প্ৰচেষ্টাত পশ্চিম কাৰ্বি আংলঙৰ উমপানাইৰ মুৰাপ গাঁৱৰ শিল্পী লুঞ্চেপী বাছাপী ৰংহাংপীৰ কন্ঠত যোৱা ১৬ মার্চ আৰু আজি গোটেই দিনটো কাৰ্বি ৰামায়ণ অর্থাৎ ছাবিন আলুনৰ গীত ডিফুৰ ষ্টুডিঅ’ ছনছে’ত বাণীৱদ্ধ কৰা হয়৷