গোৱালপাৰাঃ গোৱালপাৰা চহৰৰ মাজমজিয়াত পঞ্চৰত্ন ৰোডত থকা ইলিজেন্ট গেছ চাৰ্ভিছৰ গুদামৰ সন্মুখত পাৰ্কিং কৰি ৰখা দুখন পৰিত্যক্ত যাত্ৰীবাহী বাছত সোমবাৰে মাজনিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে৷ গোৱালপাৰা অগ্নি নিৰ্ব্বাপক বাহিনীয়ে অতি তৎপৰতাৰে দাউ দাউকৈ জ্বলি থকা বাছ দুখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
জুইত জাহ যোৱা বাছ দুখনৰ নম্বৰ হৈছে এ এছ ১৮ চি ২৩২৯ আৰু এ এছ ২৫ বিচি ১৬৯২৷ স্থানীয় লোকসকলে জনোৱা মতে ৪৬ নং ৰাজ্যিক ঘাইপথত দীৰ্ঘদিন ধৰি পাৰ্কিং কৰি ৰখাই থোৱা আছিল এই দুখন বাছ।