newsnextone.com । ডিফুঃ-  কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত আজি সদৌ কাৰ্বি ছাত্ৰ-ছাত্ৰী সকলৰ ৪ৰ্থ নৱাগত আদৰণি সভাখন অনুষ্ঠিত হৈ যায়৷ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ কাৰ্বি ছাত্ৰ সমিতিৰ উদ্যোগত ডিফুৰ জয়চিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে চৰকাৰী মহাবিদ্যালয়ৰকাৰ্বি ছাত্ৰ সমিতিৰ সভাপতি চাৰ ইম  তিচ'ই৷

সভাত বিভিন্ন অতিথিৰ আসন অলংকৃত কৰে ক্ৰমে, জ্যেষ্ঠ সাংবাদিক লংচিং টেৰণ, ড্ৰংগ এক্সপ্ৰেছৰ সম্পাদক লিপচন ৰংপি, কেএছ এৰ সভাপতি মিৰজেং ক্ৰ', কেএছএ (ইংলেংফ') গোটৰ সভাপতি বিজয় বে', আৰু কেইবাগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

সভাত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা গৰাকীয়ে নিজৰ অনুপ্ৰেৰণা মূলক ভাষণত কয় যে, ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী কক্ষত পাঠদানৰ সময়ত বিশেষ মনোযোগ দিব লাগে ৷

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰনায়ক নেলচন মেণ্ডেলাৰ এটি বাণীৰ উদ্ধৃতি দি কয় , "এখন ঠাই ধ্বংস কৰিবলৈ হলে সেই ঠাইৰ যুৱ শক্তিক ধ্বংস কৰিব লাগিব ৷" আনহাতে অনান্য বিশিষ্ট বক্তা সকলে নিজৰ বহুমূলীয়া ভাষণত ছাত্ৰ-ছাত্ৰী সকলৰ নিজৰ নিজৰ ভৱিষ্যত গঢ়াৰ লগতে দেশ তথা জাতিৰ ভৱিষ্যত গঢ়াত অৰিহণা যোগাব লাগিব বুলি কোৱাৰ লগতে একোগৰাকী সু-নাগৰিক হবলৈকো আহ্বান জনায়৷ উপস্থিত ছাত্ৰ-ছাত্ৰী সকলেও নিজৰ নিজৰ পৰিচয় দাঙি ধৰে ৷