newsnextone.com । ডিফুঃ- কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত আজি সদৌ কাৰ্বি ছাত্ৰ-ছাত্ৰী সকলৰ ৪ৰ্থ নৱাগত আদৰণি সভাখন অনুষ্ঠিত হৈ যায়৷ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ কাৰ্বি ছাত্ৰ সমিতিৰ উদ্যোগত ডিফুৰ জয়চিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে চৰকাৰী মহাবিদ্যালয়ৰকাৰ্বি ছাত্ৰ সমিতিৰ সভাপতি চাৰ ইম তিচ’ই৷
সভাত বিভিন্ন অতিথিৰ আসন অলংকৃত কৰে ক্ৰমে, জ্যেষ্ঠ সাংবাদিক লংচিং টেৰণ, ড্ৰংগ এক্সপ্ৰেছৰ সম্পাদক লিপচন ৰংপি, কেএছ এৰ সভাপতি মিৰজেং ক্ৰ’, কেএছএ (ইংলেংফ’) গোটৰ সভাপতি বিজয় বে’, আৰু কেইবাগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷