Home ৰাজ্যকাৰ্বি যুৱ মহোৎসৱৰ সামৰণি

কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি

by News Desk
A+A-
Reset
karbi youth

ডিজিটেল ডেক্স, খেৰণিঃ  কাৰ্বি পাহাৰত কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰাৰে চাৰি দিনীয়া কাৰ্যসূচীৰে  আৰম্ভ কৰা  ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ যোৱা ১৯ অক্টোবৰত সফল সামৰণি পৰে। সমগ্ৰ কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ দৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবং-লাংচিবু আক্লামতো বাৰে-ৰহণীয়া কাৰ্বি সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠিত কৰা ২৬ সংখ্যক জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ সফল সামৰণি পৰা পৰিলক্ষিত হয়। 

blankকাৰ্বিসকলৰ ভাষা-কৃষ্টি, কলা-সংস্কৃতি, নৃত্য গীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা এই মহোৎসৱৰ কাৰ্যসূচীত দেখিবলৈ পোৱা গ’ল বংঐ আলুন, হাচা কেকাং, বাবথিলি কে-আপ, হাম্বি কাপাথু, নিমচ’ কেৰুং, ৰিৎনং চিংদি আদি বহু গীত নৃত্য প্রদৰ্শন কৰাৰ লগতে  বহু লোকনৃত্য-গীত,খেল ধেমালিৰ প্রতিযোগীতা। এই প্ৰতিযোগীতা সমুহত স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলক নগদ ধন, পুৰস্কাৰ আৰু মানপত্ৰ আদি প্ৰদান কৰা হয়। আনহাতে কিন্তু পশ্চিম কাৰ্বি আংলঙৰ জেৰিকীন্দেঙত অনুষ্ঠিত হোৱা জেৰিকীন্দেং মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ ১৯ অক্টোবৰৰ সলনি ২০ অক্টোবৰতহে সামৰণি পৰিল। কাৰণ ২০০৫ চনৰ ১৭ অক্টোবৰ দিনটোত কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃ ঘটি সংঘাটতৰ সময়ত অচিনাক্ত দুৰ্বৃত্তৰ হাতত চাৰচিম-প্ৰিচেকত শিশুসহ ৪১ গৰাকীকৈ নিৰীহ কাৰ্বি লোকে প্ৰাণ হেৰুৱাইছিল, সেয়ে উক্ত দিনটোত প্ৰাণ হেৰুৱা লোকসকলক স্মৰণ কৰি শান্তি প্ৰাৰ্থনা জনায় উক্ত দিনটোৰ কাৰ্যসূচী জেৰিকীন্দেং মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজকে স্থগিত ৰাখে। 
 
উল্লেখযোগ্য যে জিলাখনৰ অন্যান্য মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ দৰে সামৰণি অনুষ্ঠানৰ দিনটোত অৰ্থাৎ যোৱা কালি জেৰিকীন্দেং মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱতো এখন মুকলি সভা আৰু নিশা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠান অনুষ্ঠিত কৰে মহোৎসৱৰ উদ্যোক্তাসকলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0