Home ৰাজ্যকাৰ্বি পাহাৰত বনৰীয়া হাতীৰ তাণ্ডৱ, বোকাজানত ভাঙিলে ঘৰ, মহিলা আহত, প্ৰাণ ৰক্ষা দুই কণমানিৰ

কাৰ্বি পাহাৰত বনৰীয়া হাতীৰ তাণ্ডৱ, বোকাজানত ভাঙিলে ঘৰ, মহিলা আহত, প্ৰাণ ৰক্ষা দুই কণমানিৰ

by News Desk
55 views
A+A-
Reset

newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ। জিলা খনৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জনবসতিপূৰ্ণ গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছে৷ হাতীৰ তাণ্ডৱৰ ফলত সকলো হেৰুৱাই একাংশ লোকে হাহাকাৰ কৰাৰ দৃশ্য এতিয়া সহজলভ্য হৈ পৰিছে৷ প্ৰতিদিনে মানুহৰ ঘৰ-দুৱাৰ ভাঙি, কৃষি পথাৰ বিনষ্ট কৰি সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে বনৰীয়া হাতীৰ জাকে৷

বুধবাৰে নিশাও হাতীৰ জাকে ফিচাৰিপাৰ অঞ্চলৰ দিলীপ থাপাৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে তেওঁৰ পত্নী প্ৰভা থাপাক শুঁৰেৰে আক্ৰমণ কৰি আঁহত কৰে। আনহাতে পৰিয়ালটোৰ কণমানি সন্তান দুটি হাতীৰ আক্ৰমণৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে৷ উল্লেখ্য যে, অঞ্চলটোত বনৰীয়া হাতীৰ জাকটোৱে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে যদিও বনবিভাগে খেদি পঠোৱাৰ ব্যৱস্থা কৰা নাই৷ হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম নোহোৱাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0