newsnextone.com | কাৰ্বি আংলংঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন স্বচ্ছ আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰ অংশস্বৰূপে মুখ্যমন্ত্ৰীৰ ক্লীন আৰু গ্ৰীণ ভিলেজ অভিযান আজি পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান বিধানসভা সমষ্টিত ৰূপায়ন কৰা হয়৷ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ৰাজ্য চৰকাৰৰ ‘My Gov Assam’ৰ উদ্যোগত অসমৰ ৩৩ খন জিলাক সামৰি গ্ৰহণ কৰা স্বচ্ছ আৰু সেউজ গাঁও অভিযান আজি পাৰ্বত্য জিলা কাৰ্বি আংলংৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিলাওজান গাঁৱত গছ পুলি ৰোপণেৰে বোকাজানৰ বিধায়ক ডা০ নোমল ম'মিনে শুভাৰম্ভ কৰে৷  

উল্লেখ্য যে, বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম'মিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেঁকিয়াল ফুকন, পৰিষদীয় সদস্য মুকুট মহন্ত, ৰিচাৰ্ড টকবি, পবিত্ৰ ৰংপি আৰু কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মুকুল মহন্তৰ উপস্থিতিত বন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ চন্দ্ৰকান্ত বসুমতাৰীয়ে স্বচ্ছ আৰু সেউজ অসম গঢ়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অভিযানক আদৰণি জনায়৷ 

অনুষ্ঠানত উপস্থিত বিধায়ক নোমল ম'মিন আৰু চন্দ্ৰকান্ত বসুমতাৰীয়ে কয় যে স্বচ্ছতা আৰু সেউজ অসম গঢ়াৰ বাবে সৰ্বসাধাৰণ জনতাৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ৷ ডিলাওজান প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত স্বচ্ছ আৰু সেউজ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত বিধায়ক নোমল ম'মিনে পৰিবেশ সজাগতাৰ জড়িয়তে কেনেদৰে স্বাবলম্বী হ’ব পাৰি তাৰ বিষয়ে বিশদভাৱে মন্তব্য আগবঢ়োৱাৰ লগতে এক প্লাষ্টিক বৰ্জিত পৰিবেশ থাকিলেহে যে এই পৃথিৱীত মানৱ জাতি বৰ্তি থাকিব পাৰিব সেই কথাও উল্লেখ কৰে৷ 

ইফালে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি চৰকাৰৰ ‘My Gov Assam’ অভিযানৰ অংশস্বৰূপে বন বিভাগে ডিলাওজানবাসীক বিভিন্ন প্ৰজাতিৰ গছপুলি বিতৰণ কৰে৷ অন্যহাতে, ৰাজ্য চৰকাৰৰ উক্ত কাৰ্যসূচী ৰূপায়নত উৎসাহিত হৈ ডিলাওজানবাসীয়ে গাঁওখনক সৰ্বশ্ৰেষ্ঠ স্বচ্ছ আৰু সেউজ গাঁও হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰাটো লক্ষণীয় হিচাপে বিবেচিত হৈছে৷