ডিফুঃ কাৰবি আংলং জিলাৰ অগ্ৰণী মহিলা সংগঠন “কাৰবি আংলং জিলা মহিলা সমিতি”ৰ একাদশ ত্ৰিবাৰ্ষিক অধিবেশন খনি আজি দিনজোৰা কাৰ্যসূচীৰে ডিফুৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷
পাহাৰীয়া জিলাখনৰ ভিন্ন প্ৰান্তৰ শাখাৰ পৰা ক্ৰমে, ডিফু হাওৰাঘাট, বোকাজান,মাঞ্জা,সৰিয়হজান,তৰাডুবি, টুমপ্ৰেঙ আৰু ডংকামোকামৰ প্ৰতিনিধি সকল ডিফুৰ কেন্দ্ৰীয় কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত পুৱা ৯ বজাত সমিতিৰ পতাকা উত্তোলন কৰে সভানেত্ৰী কিৰণ কলিতাই,৯-৩০ বজাত স্মৃতি তৰ্পন কৰে কাৰ্যকৰী সভানেত্ৰী প্ৰেমদা দত্তই, ১০-৩০ বজাত জিলা সভানেত্ৰী কিৰণ কলিতাৰ পৌৰহিত্যত মহিলা সমিতিৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈ যায় ৷