খেৰণিঃ বিগত কিছুদিনৰ পৰা পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত অব্যাহত আছে তীব্ৰ উত্তেজনা। তাৰ মাজতে বৃহস্পতিবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত দুই সহস্ৰাধিক ৰাইজৰ উপস্থিতিত জেৰিকীণ্ডিঙত সাব্যস্ত কৰা হয় এক উত্তাল প্ৰতিবাদ।
উল্লেখযোগ্য যে সীমান্তত দুই ৰাজ্যই পৃথকে পৃথকে সীমান্ত আৰক্ষী চকী (BOP) স্থাপনৰ পৰিকল্পনা কৰাক লৈ অঞ্চলটোত বিৰাজ কৰিছিল চেপা উত্তেজনা। কিন্তু মেঘালয় আৰু কাৰ্বি আংলংবাসী ৰাইজৰ প্ৰবল প্ৰতিবাদৰ সম্মুখীন হোৱাত এতিয়ালৈকে সীমান্তত দুয়োখন ৰাজ্যয়েই সীমান্ত আৰক্ষী চকী (BOP) স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু লক্ষণীয় ভাবে সীমা সমস্যাত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত অসমৰ সীমাত সীমান্ত উপ-আৰক্ষী চকী আৰু সীমা সমস্যা সমাধান কৰাৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাই প্রতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি জেৰিকীণ্ডিঙত আৰক্ষীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ আজি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।