ডিফুঃ পাহাৰীয়া জিলাৰ সদৰ ডিফুত ডিফু সাহিত্য সভা আৰু ডিফু ক্লাৱে আজি ৰাভা দিবস পালন কৰে৷ কাৰ্যসূচী অনুসৰি ডিফু ৰাংচিনা ভৱনত কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিৰ সন্মূখত বন্তি প্ৰজলন কৰে জিলা সাহিত্য সভাৰ সভাপতি পাৰি ৰংপিয়ে৷
ইয়াৰ পিছতে প্ৰতিমূৰ্তিত মাল্যাৰ্পন অনুষ্ঠানৰ শুভাৰম্ভ কৰে ডিফু সাহিত্য সভাৰ সভাপতি ৰঞ্জিত সেনে৷ ডিফু সাহিত্য সভাৰ সভাপতি ৰঞ্জিত সেনে প্ৰয়াত ৰাভাৰ নীতি আদৰ্শৰ প্ৰাসংগকিতা আছে কাৰণে ৰাইজৰ লগতে তেওৰ বিৰোধিতা কৰা ৰজা ঘৰে ধাৰাবাহিকতা ৰক্ষা কৰি ৰাভা দিৱস পালন কৰি আহিছে৷