71
কৰিমগঞ্জঃ কৰিমগঞ্জ ৰে’ল ষ্টেচনত সোমবাৰে ১৪ কোটি টকাৰ নিচাযুক্ত টেবলেট আৰ পি এফে জব্দ কৰে৷ ত্রিপুৰালৈ নিয়াৰ পথত যাত্রীবাহী ৰে’ল এখনত নিয়মীয়া তালাচীৰ সময়ত এই নিচাজাতীয় ঔষধ ধৰা পেলোৱা হয়৷
সোমবাৰে পুৱা শিলচৰৰপৰা আগৰতলা অভিমুখী যাত্রীবাহী ৰে’লখন কৰিমগঞ্জ জংছন আহি পোৱাৰ সময়ত আৰ পি এফৰ এছ আই বেনুধৰ মেধিৰ নেতৃত্বত প্রতিটো দবাত তালাচী চলাই থাকোতে এটা পৰিত্যক্ত বেগ উদ্বাৰ হয়।