newsnextone.com | ডিজিটেল ডেস্কঃ ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিক দেওবাৰে নিশা আবাসৰ পৰা হস্পিতালত ৰখা হয়৷ চেন্নাইৰ কাবেৰি হস্পিতালত এটা বিশেষ চিকিৎসকৰ দলৰ তত্বাৱধনাত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰক্ত চাপ আৰু জ্বৰৰ চিকিৎসা কৰি থকা হৈছে৷
দেওবাৰে নিশা ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটাত গোপালপুৰম স্থিত আবাসৰ পৰা চিকিৎসালয়লৈ অনা হয়৷ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছৰে পৰা হাজাৰ হাজাৰ সমৰ্থকে চিকিৎসালয়ৰ সন্মুখত ভিৰ কৰে৷ তাৰ মাজতে দেওবাৰে সন্ধিয়া কোনো লোকে অপপ্ৰচাৰ চলোৱাত আবেগিক হৈ পৰে সমৰ্থক৷ একাংশ সমৰ্থকে প্ৰকৃত খবৰ নিদিয়া বুলি উত্তেজিত হৈ পৰে৷