ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলদ্বীপ খোড়াই দাবী কৰা মতে ২০১৮ চনত পুৰ্বতকৈ অধিক ৰক্তাক্ত হ’ব কাশ্মীৰ উপত্যকা। ২০০ ৰো অধিক সন্ত্ৰাসবাদী হত্যা কৰা পৰিসংখ্যাই প্ৰান্তীয় ৰাজ্যখনত সাধাৰণ অৱস্থা ঘুৰাই অনাৰ লক্ষণ নহয় বুলিএকপ্ৰকাৰ দাঠি দি কৈছে ১৯৪৭ চনৰ আইপিএছ বিষয়াজনে।
২০১৩ বৰ্ষত কেন্দ্ৰীয় ভিজিলেঞ্চ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন আৰক্ষী সঞ্চালকজনে প্ৰতিৰক্ষা সন্দৰ্ভত এক বৈঠকত ভাগ ল’বলৈ নতুন দিল্লীলৈ আহি দা ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাতকাৰত এই সম্ভাৱনা ব্যক্ত কৰিছে।