Home দেশআকৌ ৰক্তাক্ত কাশ্মীৰ, ইছলামিক সন্ত্ৰাসবাদীৰ গুলীচালনাত নিহত ২৬ পৰ্যটক

আকৌ ৰক্তাক্ত কাশ্মীৰ, ইছলামিক সন্ত্ৰাসবাদীৰ গুলীচালনাত নিহত ২৬ পৰ্যটক

by News Desk
A+A-
Reset
kashmir attack

নতুন দিল্লীঃ জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত ৰক্তাক্ত হৈ পৰিল ভূস্বৰ্গ। এই আক্ৰমণত কুৰিৰো অধিক পৰ্যটক নিহত হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো। ইতিমধ্যে আহতসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে সেনাৰ হেলিকপ্টাৰ নিয়োগ কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফোনযোগে অমিত শ্বাহক ততাতৈয়াকৈ সেই স্থানত উপস্থিত হ’বলৈ কোৱা হৈছে।

জানিব পৰা মতে, বাইছাৰন উপত্যকাৰ জংঘলত বন্দুকৰ গুলীৰ শব্দই পৰ্যটকৰ মাজত আতংকৰ সৃষ্টি কৰে। এই দুৰ্গম পাহাৰীয়া অঞ্চলটোত খোজকাঢ়ি বা ঘোঁৰাত উঠিহে যাব পাৰি। সূত্ৰটোৰ মতে, পৰ্যটকসকলে খোজকাঢ়ি গৈ থকাৰ সময়তে ছদ্মবেশত অহা সন্ত্ৰাসবাদীয়ে তেওঁলোকক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। এই আক্ৰমণত ২৬ জন পৰ্যটক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হোৱা বুলি চৰকাৰী সূত্ৰই সদৰী কৰিছে। আহতসকলৰ অধিকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0