শ্ৰীনগৰঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামা জিলাৰ আৱান্টিপুৰাত বৃহস্পতিবাৰে সংঘটিত এক ভয়ংকৰ বোমা বিস্ফোৰণত চি আৰ পি এফৰ অতি কমেও ২০ জন জোৱান নিহত হোৱাৰ লগতে ৪০ জনতকৈও অধিক জোৱান আহত হয়৷ 

আহতসকলৰ ভিতৰত ১৩ জনৰ অৱস্থা গুৰুতৰ আৰু তেওঁলোকক শ্ৰীনগৰস্থিত আৰ্মী বেছ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল৷ 

সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷ 

গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰাৰ মতে, শ্ৰীনগৰ আৰু জম্মু ৰাষ্ট্ৰীয় ঘাইপথ গৌৰীপুৰা অঞ্চলত ৭০ চি আৰ পি এফ জোৱান কঢ়িয়াই নিয়া গাড়ীকেইখনক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে কাৰ বোমাটো বিস্ফোৰণ ঘটায়৷ 

ৰাজ্যখনত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ স্তিমিত হৈ পৰা বুলি আশা কৰাৰ সময়তে আজিৰ এই ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে৷ 

নিৰাপত্তা সংস্থাসমূহ এই ঘটনাত নিৰাপত্তামূলক আসোঁৱাহৰ বাবে হোৱা বুলি প্ৰকাশ কৰে৷

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সুভাষ বামৰেই কয় যে এই আসুৰিক আক্ৰমণৰ আঁৰত থকা সকলক ৰেহাই দিয়া নহ’ব৷ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাক গৰিহণা দি কয় যে ২০০৪-০৫ চনৰ ক’লা দিনবোৰ যেন আকৌ ঘূৰি আহিছে৷ 

প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ৰাজস্থান মুখ্যমন্ত্ৰী অশোক গেহলটকে ধৰি আন আন নেতাসকলেও এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে৷ 

উল্লেখ্য যে, ২০১৬ চনৰ ছেপ্টেম্বৰত উৰিত ১৯ জন সেনা জোৱান সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱাৰ পাছত এইটোৱেই উপত্যকাটোত সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ৷