নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ত শৈক্ষিক পৰিৱেশ বিনষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা গ্ৰহনত বিশেষ ভূমিকা পালন কৰি অহা কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ত যোৱা প্ৰায় ২ মাহে অধ্যক্ষ অবিহনে চলি আছে৷ যাৰ ফলত মহাবিদ্যালয়খনৰ প্ৰশাসনিক শৈক্ষিক কাম-কাজ ৰূপায়ণত ব্যাপক সমস্যাৰ সৃষ্টি হোৱাৰ লগতে শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰিছে৷
জানিব পৰা মতে, মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থকা ৰুস্তম আলীক যোৱা ২৬ মাৰ্চত শিক্ষা বিভাগে এক জৰুৰী নিৰ্দেশনাৰ জৰিয়তে মহাবিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজ পৰিচালনা কৰাত তথা সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাত চূড়ান্তভাবে ব্যৰ্থ হোৱাত লগতে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানি বৃহৎ বিত্তীয় কেলেংকাৰীত জৰিত হোৱাৰ অভিযোগত নিলম্বন কৰে৷