ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ কাঠুৱাৰ ৮ বছৰীয়া কিশোৰীক মন্দিৰত কেইবা দিন ধৰি ধৰ্ষণ আৰু হত্যা কৰা ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়াকে ধৰি কেইবাগৰাকী লোকক আটক কৰে আৰক্ষীৰ অপৰাধ শাখাই। মৰ্মান্তিক এই ঘটনাৰ সৰ্বত্ৰে নিন্দা হৈছে।
উল্লেখ্য যে, ১০ জানুৱাৰীত জম্মু কাশ্মীৰৰ লাচানা গাঁৱৰ পৰা এগৰাকী ৮ বছৰীয়া শিশু নিৰুদ্দেশ হয়৷ ৭ দিন পিছত জংঘলত তাইৰ মৃতদেহ উদ্ধাৰ হৈছেল৷ জম্মু কাশ্মীৰ চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে অপৰাধ শাখাক৷ তাৰ পিছতে এই ঘটনাৰ তদন্তকাৰী বিষয়াক অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল৷ এতিয়ালৈ এই গোচৰত ৮গৰাকী লোকক ক্ৰাইম ব্ৰাঞ্চে আটক কৰে৷