ডিজিটেল ডেস্কঃ কাঠুৱাৰ গণধৰ্ষণ কাণ্ডৰ ২ মুখ্য অপৰাধীয়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ সন্মুখত ঘটনাৰ চিবিআই তদন্ত চলাবলৈ অনুৰোধ কৰে, যাতে গণধৰ্ষণ কাণ্ডৰ উচিত ৰায় প্ৰাপ্ত হয়৷ 

উল্লেখ্য যে জানুৱাৰী মাহতে কাঠুৱাৰ ৰাচনা বনাঞ্চলত এগৰাকী ৮ বছৰীয়া নাবালিকাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ নাবালিকাগৰাকীক গণধৰ্ষণ কৰি পিছত হত্যা কৰা হোৱা বুলি তদন্তত প্ৰকাশ পাইছিল৷

সেই ঘটনাৰ তদন্ত চণ্ডীগড় স্থানান্তৰিত কৰাৰ বিৰোধীতাও কৰে গণধৰ্ষণৰ দুই মুখ্য অভিযুক্তই৷ 

অভিযুক্ত যাঞ্চী  ৰাম আৰু বিশাল জংগোত্ৰাই আৰুক্ষীয়ে এক নিৰপেক্ষ আৰু প্ৰভাৱী তদন্ত কৰাত বিফল হৈছে বুলি অভিযোগ কৰে৷ অভিযুক্ত দুগৰাকীৰ অভিযোগ মৰ্মে তদন্তকাৰী বিশেষ বিচাৰপীঠখনৰ সৈতে দুৰ্নীতিগ্ৰস্থ বিষয়াও জড়িত আছে৷ 

অভিযুক্ত দুগৰাকীয়ে শীৰ্ষ আদালতত ধৰ্ষিতা নাবালিকা গৰাকীৰ পিতৃয়ে ঘটনাৰ তদন্ত চণ্ডীগড়লৈ স্থানাস্তৰিত কৰাৰ বাবে কৰা আবেদনৰ বিৰোধ কৰে৷ তেওঁলোকে কয় যে আবেদনৰ অভিযোগৰ ২২১ গৰাকী সাক্ষ্যই কাঠুৱাৰ পৰা চণ্ডীগড়লৈ সাক্ষী প্ৰদানৰ বাবে যোৱাটো অসম্ভৱ৷ 

উল্লেখ্য যে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাৰ অধ্যক্ষতাৰ এখন বিচাৰপীঠে গোচৰৰ শুনানি ২৭ এপ্ৰিলৰ পৰিৱৰ্তে ৭ মে’ত গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছিল৷ 

আনফালে অভিযুক্ত দুজনে গণধৰ্ষণ কাণ্ডত তেওঁলোকক ফচাব বিচৰা হৈছে বুলি দাাবী কৰে৷