ডিজিটেল ডেস্কঃ কাঠুৱাৰ গণ ধৰ্ষণ কাণ্ডক লৈ এইবাৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে অভিযুক্ত পক্ষৰ অধিবক্তা অংকুৰ শৰ্মাই৷ কাঠুৱাৰ নাবালিকা ধৰ্ষণৰ তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়া শ্বেতাম্বৰী শৰ্মাৰ তদন্তক কটাক্ষ কৰি মঙলবাৰে অভিযুক্ত পক্ষৰ অধিবক্তা অংকুৰ শৰ্মাই কয়, ‘‘৮ বছৰীয়া এগৰাকী কন্যাৰ ধৰ্ষণকাণ্ডৰ তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছে এগৰাকী মহিলাক৷ এগৰাকী মহিলাৰ বুদ্ধি কিমান থাকিব পাৰে? শ্বেতাম্বৰী শৰ্মাক অন্য লোকে ভুল পথে পৰিচালিত কৰিছে৷ যাৰ বাবে তেওঁৰ তদন্তত বিসংগতি দেখা দিছে৷’’
উল্লেখ্য যে কাঠুৱাৰ ঘটনাৰ তদন্তকাৰী দলটোৰ একমাত্ৰ মহিলা সদস্য হৈছে শ্বেতাম্বৰী শৰ্মা৷ কাঠুৱাৰ ঘটনাৰ নিৰপেক্ষ তদন্ত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মহিলা আৰক্ষী বিষয়াগৰাকী বিভিন্ন বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ৮ বছৰীয়া শিশু কন্যাগৰাকীৰ ধৰ্ষণ কাণ্ডটো গাপ দি ৰখাৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন প্ৰকাৰে কৰা চেষ্টাৰ কথা নিজ মুখেৰে প্ৰকাশ কৰিছে শ্বেতাম্বৰী শৰ্মাই৷