60
তুলসীবাৰীঃ আজি কাতি বিহু। অসমীয়া জাতিৰ সংস্কৃতি সামৰি কাতি বিহু আহি চোতাল পালেহি৷ তুলসী তলত, পথাৰত মাটিৰ চাকিয়ে আজি পোহৰৰ মেলা পাতিব৷ অসমীয়াৰ প্ৰান তিনিবিহুৰ অন্যতম এই কাতি বিহু বা কঙালি বিহুৰ ববে আজি ব্যস্ত হৈ পৰিছে অসমৰ জনজীৱন৷
আহিন মাহৰ দোমাহিৰ দিনা পালন কৰা কাতি বিহু কৃষিজীৱি অসমীয়াই অতি শ্ৰদ্ধা আৰু আদৰেৰে পালন কৰে। পথৰবোৰ সোণগুটিৰে জিলিকি উঠাৰ কামনাত প্ৰতিজন চহা অসমীয়াই পথাৰত চাকি জ্বলাই লখিমীক আদৰাৰ প্ৰস্তুতি চলাইছে৷