Home ৰাজ্য১৬০ ঘন্টাৰ ভিতৰত চতুৰ্থটো গঁড় হত্যা, মুখ মেলি চাই ৰ’ল বন বিভাগ

১৬০ ঘন্টাৰ ভিতৰত চতুৰ্থটো গঁড় হত্যা, মুখ মেলি চাই ৰ’ল বন বিভাগ

by News Desk
59 views
A+A-
Reset

কাজিৰঙাঃ বিৰোধী কংগ্ৰেছ আৰু শাসকীয় বিজেপিয়ে কলা দিৱস পালন কৰি থকাৰ সময়তে ৰাজ্যত ৭ দিনৰ ভিতৰত চতুৰ্থটো গঁড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে৷ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ লগতে GST পৰিষদৰ বৈঠকত চৰকাৰ তথা প্ৰশাসন ব্যস্ত হৈ থকাৰ সময়তে ৰাজ্যৰ জীৱ-জন্তুৰ সুৰক্ষা নোহোৱা হৈছে৷ যোৱা বিধানসভা নিৰ্বাচনত বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি বিজেপিয়ে শাসনৰ গাডীত বহিছিল যদিও সময়তে যেন সেই প্ৰতিশ্ৰুতি যেন ফুটুকাৰ ফেনত পৰিণত হ’ল৷

তাৰ মাজতে কাজিৰঙাত পুনৰ গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিয়াৰ ঘটনা সংঘটিত হয়৷ কহঁৰা বনাঞ্চলৰ বকপৰা বন শিৱিৰ এলেকাত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা৷ এই গঁড় হক্যাৰ পিছত চলিত সপ্তাহত চাৰিটা গঁড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে৷ ইমানৰ পিছতো মুখ মেলি চাই থাকিল বন বিভাগে৷ ১২৫ ঘন্টাৰ ভিতৰত ৰাজ্যত চতুৰ্থটো গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাইজে কবলৈ বাধ্য হৈছে অসম গৌৰৱ সুৰক্ষাত ব্যৰ্থ হৈছে প্ৰমিলা ৰাণী ব্ৰহ্মৰ বনবিভাগ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0