কাজিৰঙাঃ আছুক কৰা অপমানৰ বাবে সৰ্বানন্দ সোণোৱালক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ আহ্বান জনায় অখিল গগৈয়ে। যোৱা মঙলবাৰে বিয়লি কাজিৰঙাত উপস্থিত হৈ কৃষক নেতা গগৈয়ে এই আহ্বান কৰে। তেখেতে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত যিধৰণে আক্ৰমণ চলিছে, আছুৰ পতাকা গচকি মোহাৰি পেলোৱা হৈছে সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। চৰকাৰী পক্ষৰ এই নিৰ্লজ্জ ঘটনাক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিন্দা কৰাৰ লগতে আছুৰ স’তে সমগ্ৰ অসমবাসীক থাকিবলৈ আহ্বান জনায় অখিল গগৈয়ে। তেখেতে কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যি পূৰ্বতে আছুৰ সভাপতি আছিল তেওঁৰ কাৰ্যকালতে আছুক বাৰে বাৰে অপমান কৰি থকা হৈছে।
আনকি, থানাৰ ভিতৰত সোমাই বিজেপি-আৰ আৰ এছৰ গুণ্ডা বাহিনীয়ে প্ৰতিবাদী আছু নেতা-কৰ্মীক মাৰপিট কৰিছে। আছুক কৰা এই অপমানৰ বাবে সৰ্বানন্দ সোণোৱালে ৰাজহুৱাকৈ ক্ষমা খোজাটো উচিত বুলি কয় অখিল গগৈয়ে। বি জে পি-আৰ আৰ এছক সকীয়াই কৃষক নেতা গগৈয়ে স্পষ্ট ঘোষণা কৰে যে ভৱিষ্যত সময়ত যদি কোনো জাতীয় সংগঠন অথবা দেশপ্ৰেমী কৰ্মীক আক্ৰমণ কৰা হয় তেন্তে কথা ভয়াৱহ হ’ব।