Home ৰাজ্যবোকাখাতৰ ৰাজপথৰ দাঁতিত এটা প্ৰকাণ্ড গঁড়

বোকাখাতৰ ৰাজপথৰ দাঁতিত এটা প্ৰকাণ্ড গঁড়

by News Desk
A+A-
Reset
polima gor

কাজিৰঙাঃ এটা প্ৰকাণ্ড গঁড়। বোকাখাতৰ ৰজাবাৰী অঞ্চলৰ ৰাজপথৰ দাঁতিত দেখা পোৱা গৈছে এই প্ৰকাণ্ড গঁড়টো। দেশী-বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে এই প্ৰকাণ্ড গঁড়টোৱে। আচলতে এইটো জীৱন্ত গঁড় নহয়। প্ৰকৃততে কাঠেৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকাণ্ড গঁড়টো। এটা জীৱন্ত গঁড়ৰ দৰেই ৩ কুইন্টল ওজনৰ এই গঁড়টোৰ দৈঘ্য ৬ ফুট আৰু ওখ ৪ ফুট। বোকাখাতৰ ৰজাবাৰীৰ হস্ত-শিল্পবিদ কামেশ্বৰ দাসে ৬ মাহৰ অন্ততঃ নিৰ্মাণ সৰ্ম্পূণ কৰিছে কাঠেৰে নিৰ্মিত এই বিশাল গঁড়ৰ প্ৰতিমূৰ্তিটো। কাজিৰঙাৰ লগতে ৰাজ্যত চোৰাং চিকাৰীৰ উপদ্ৰৱৰ বাবেই এদিন অসম গৌৰৱ এশিঙিয়া গঁড় নিঃশেষ হৈ যোৱাৰ আশংকা কৰি ভৱিষ্যত প্ৰজন্মই চাব পৰাকৈ এই শিল্পীগৰাকীয়ে নিৰ্মাণ কৰিছে এই গঁড়টো। অৱশ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে-লগে গুৱাহাটীৰ এজন ব্যক্তিয়ে ইতিমধ্যে গঁড়টো ৩৫ হাজাৰ টকাত কিনি নিয়াটো নিশ্চিত কৰিছে ৷ আগন্তুক দুই-এদিনৰ ভিতৰতে কাঠেৰে নিৰ্মিত এই প্ৰকাণ্ড গঁড়টো লৈ যোৱা হ’ব গুৱাহাটীলৈ। 

বোকাখাতৰ ৰজাবাৰীত এতিয়া এক হস্ত বিপ্লৱৰ সৃষ্টি হৈছে। কৰ্মবিমুখ অসমীয়া বুলি সততে  বদনামৰ থকা অসমীয়াৰ মাজৰপৰাই বোকাখাটৰ এজাক অসমীয়াই বিপনী খুলি কাঠেৰে নিৰ্মাণ কৰি গৈছে ইটোৰ-পাছত সিটোকৈ সামগ্ৰী। ইয়াৰ দ্বাৰা আৰ্থিক ভাৱেও স্বাৱলম্বী হৈছে অঞ্চলটোৰ এই সকল হস্তশিল্পী। বিশ্ব বিখ্যাত কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ লগতে বিভিন্ন  পশু-পক্ষীও কাঠেৰে নিৰ্মাণ কৰিছে এই শিল্পী সকলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0