কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৫ৰ পৰা ২৮ মাৰ্চলৈকে হ’ব গঁড় গণনা (Rhino Population Estimation 2018)। উদ্যানখনৰ সঞ্চালক আকাশ দীপ বৰুৱাই এই সন্দৰ্ভত আজি বিভাগীয় জাননী জাৰি কৰিছে।
গঁড় গণনা কাৰ্য্যসূচীৰ বাবে ‘২৬ মাৰ্চত কাজিৰঙা সংমণ্ডল, কহঁৰা; পশ্চিম সংমণ্ডল, বাগৰি আৰু বুঢ়াপাহাৰ সংমণ্ডল, ঘোৰাকাটিত আৰু ২৭ মাৰ্চত পূব সংমণ্ডল, অগৰাতলিত জীপ ছাফাৰি আৰু ‘২৬ৰ পৰা ২৮ মাৰ্চলৈকে উদ্যানখনৰ সকলো এলেকাতে পৰ্যটকৰ বাবে হাতী ছাফাৰি বন্ধ থাকিব বুলি জাননীখনত কোৱা হৈছে।