পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত৷ গুৱাহাটীৰ ৰাজপথত এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণ আৰু একাংশ লোকৰ বন্য উল্লাসৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ কাজিৰঙাত জীৱশ্ৰেষ্ঠ মানুহৰ ভুলৰ বাবেই কৰুণ মৃত্যুক সাৱটি ল’লে এটা বন্যহস্তীয়ে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰপৰা দক্ষিণে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ হাৰমতিত সংঘটিত হৈছে এই কৰুণ ঘটনা৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে হাৰমতিৰ হুছেইন আলি নামৰ লোকজনৰ খেতিৰ চাৰিওফালে লগাই থোৱা এডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটি লবলগীয়া হয়৷
উল্লেখ্য যে, হুছেইন আলি নামৰ লোকজনে তেওঁৰ ঘৰৰ আগফালে থকা মাত্ৰ দুই বিঘা কৃষিভূমি সুৰক্ষা কৰাৰ স্বাৰ্থত এডাল তাঁৰত ঘৰৰপৰা বিদ্যুৎ সংযোগ কৰি কৃষিভূমিৰ চাৰিওফালে লগাই থৈছিল৷
দুদিন পূৰ্বৰেপৰা হাতীটোক সেই স্থানত দেখা পাই হুছেইন আলিয়ে তাঁৰত বিদ্যুৎ সংযোগ ঘটাই হাতীটোক হত্যাৰ চেষ্টা কৰি আহিছিল৷ অৱশেষত হুছেইন আলিৰ এই কুঃঅভিপ্ৰায় সফল হ’ল৷ বৃহস্পতিবাৰে পুৱতি নিশা ভোকাতুৰ হাতীটোৱে হুছেইন আলিৰ খেতিত প্ৰৱেশ কৰিব লওঁতেই শুঁৰত বিদ্যুৎ পৰিবাহী তাঁৰডালে মেৰিয়াই ধৰে আৰু লগে-লগে মৃত্যু হয় বনৰীয়া হাতীটোৰ৷
পুৱা স্থানীয় ৰাইজে হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগে-লগে ঘটনাস্থলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ বিদ্যুৎ পৰিবাহী তাঁৰ শুঁৰত মেৰিয়াই বোকাত লুতুৰি-পুতুৰি হৈ থকা হাতীটোৰ মৃতদেহ দেখা পায় স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে৷
ইপিনে, স্থানীয় ৰাইজৰ উগ্ৰমূৰ্তি দেখি লগে-লগে ঘৰৰপৰা পলায়ন কৰে হুছেইন আলিয়ে৷ স্থানীয় ৰাইজে হুছেইন আলিৰ ঘৰ-দুৱাৰ ভাঙিবলৈ অগ্ৰসৰ হয় যদিও বাগৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷
ইয়াৰ পাছতে বন্যহস্তী হত্যাকাৰী হুছেইন আলিক তিনিদিনৰ ভিতৰত পৰিয়ালসহ হাৰমতি গাঁও এৰিবলৈ নিৰ্দেশ দিয়ে স্থানীয় ৰাইজে৷
ইপিনে, ঘটনাস্থলীত বহুপলমকৈ উপস্থিত হয়হি মাত্ৰ পাঁচশ মিটাৰ দূৰৈত থকা বাগৰি বনবিভাগৰ এটা দল। স্থানীয় ৰাইজৰ অভিযোগ বন্যপ্ৰাণীৰ উপদ্ৰৱৰ বিষয়ে বনাঞ্চলিক বিষয়াক খবৰ দিলেও তেওঁ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে।
বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ বিচৰণৰ বিষয়ে হাৰমতিৰ ৰাইজে বনাঞ্চলিক বিষয়াক অৱগত কৰি আহিছিল যদিও এই বনাঞ্চলিক বিষয়া গৰাকীয়ে এই ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷
যাৰ বাবে যোৱা নিশা জীৱশ্ৰেষ্ঠ মানুহৰ হাতত হাতীটোৱে এনেদৰেই কৰুণভাৱে প্ৰাণ হেৰুৱাবলগীয়া হ’ল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷
স্থানীয় ৰাইজে হুছেইন আলিৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে৷