Home ৰাজ্যএটা অগ্নিকাণ্ডৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য কাজিৰঙাত,

এটা অগ্নিকাণ্ডৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য কাজিৰঙাত,

by News Desk
60 views
A+A-
Reset

কাজিৰঙাঃ  এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল কাজিৰঙাৰ দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ :৩০ বজাত দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়ৰ কাষতে থকা এটা ভঁৰাল ঘৰত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। লগে-লগে ভঁৰাল ঘৰটো অগ্নিৰ লেলিহান শিখাই  চাৰিওফালৰ পৰা  আগুৰি ধৰে। ইপিনে, শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰি থকা দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে জুই লেলিহান শিখা দেখি আতংকিত হৈ পৰে। লগে-লগে প্ৰধান শিক্ষক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ তৎপৰতাত ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়খনৰ পৰা বাহিৰলৈ ওলাই আহে। লগে লগে ভঁৰাল ঘৰটোৰ জুই নুমুৱাবলৈ স্থানীয় ৰাইজ তৎপৰ হৈ পৰে। স্থানীয় ৰাইজে যিয়ে যেনেকৈ পাৰে হাতে-হাতে বাল্টি, ম’গ আদি লৈ জুই নুমুৱাবলৈ চেষ্টা কৰে । ৰাইজৰ তৎপৰতাত অৱশেষত ভঁৰাল ঘৰটোৰ জুই নিৰ্বাপিত হয়। অৱশ্যে, ভঁৰাল ঘৰটোৰ ভিতৰত থকা বৃহৎ পৰিমাণৰ ধান এই জুইত জাহ যায় ৷ উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা ভঁৰাল ঘৰটো আৰু বিদ্যালয়খনৰ মাজত দূৰত্ব আছিল মাথোঁ ৫০ মিটাৰ।

 
এক ভয়ংকৰ অগ্নিকাণ্ড তথা বিপদৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়ৰ এই কণ-কণ ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন । ইপিনে, অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিচতো বহু পলমকৈহে আহি ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ দলটি৷ চোৰ গ’লে বুদ্ধি আৰু বৰষুণ গ’লে জাপি লোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে ৰাইজে জুই নিৰ্বাপন কৰাৰ বহু পাছতহে ঘটনাস্থলীত উপস্থিত হৈ অপ্ৰয়োজনীয়ভাৱে তৎপৰতা দেখুৱাবলৈ চেষ্টা কৰে । দেশী-বিদেশী পৰ্যটকৰ আগমনৰ সময়তে এই অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ কাজিৰঙাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0