পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে হাহাঁকাৰ কৰা এজাক মানুহৰ মাজত বুধবাৰে আহি উপস্থিত হয়হি গুৱাহাটীস্থিত KAMAKHYA EQUIPMENTS PRIVATE LIMITED নামৰ এটা Leugong কোম্পানীৰ এটা ডিলাৰ৷
মানৱ সেৱাৰ উদ্দেশ্যেৰে এই আদৰ্শবান কোম্পানীটোৱে বানাক্ৰান্ত শ’লমৰা, ২ নং কহঁৰা, মহপৰা আদি গাঁৱৰ তিনিশটা পৰিয়ালক বিনামূলীয়াকৈ বান সাহাৰ্য্য হিচাবে খাদ্যৰ টোপোলা প্ৰদান কৰে৷ কাজিৰঙাৰ শ’লমৰা, মহপৰা, কহঁৰা আদি গাঁৱত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিলি৷ সেই ভয়াবহ বানৰপৰা নিজৰ জীৱনটোক বচাবলৈ বানাক্ৰান্ত ৰাইজে আশ্ৰয় লৈছিল অস্থায়ী বনশিবিৰ সমূহত৷ ক্ৰমাৎ পানী শুকাবলৈ ধৰাত এতিয়া বানাক্ৰান্ত ৰাইজ নিজৰ মৰমৰ ঘৰখনলৈ উভতি গৈছে কিন্তু তেওঁলোকৰ হাতত এতিয়া নাই খাদ্যৰ নামত দুবেলা-দুসাজ খাবলৈ ফুটাকড়ি এটাও৷