পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ অব্যাহত আছে কাজিৰঙাত বানৰ কালৰূপ৷ পূৰ্বতকৈ অধিক হাৰত বৃদ্ধি পাইছে পানীৰ স্তৰ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে একঁকাল পানী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে অহা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বহু ঠাইত জলমগ্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ বাহনৰ চলাচল সম্পূৰ্ণভাৱে বন্ধ ৰখা হৈছে৷
জখলাবন্ধা আৰু বোকাখাতত গাড়ী সমূহ ৰখাবলৈ নিৰ্দেশনা জাৰী কৰা হৈছে বুলি জনাইছে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে৷ মাজলাইন, হালধিবাৰীৰ একাধিক স্থানত হোৱা বানৰ পানীয়ে সম্পূৰ্ণভাৱে বুৰাই পেলাইছে ৰাষ্ট্ৰীয় ঘাইপথ৷ কাজিৰঙাৰ বানৰ কালৰূপত সম্প্ৰতি ত্ৰস্তমান হৈ পৰিছে কাজিৰঙাবাসী৷ বৰবিল, ভূঞাগাঁও, ৰঙাজান, হাতীখুলি, লুখুৰাখনীয়া, দ-গাঁও, বেজগাঁও, শ’লমৰা, আদিকে ধৰি কাজিৰঙাৰ বহু অঞ্চল প্লাবিত হৈ পৰাৰ ফলত গৃহহাৰা হ’বলগীয়া হৈছে এই অঞ্চলৰ ৰাইজ৷ এই অঞ্চলসমুহৰ ৰাইজে সম্প্ৰতি অন্ন-বস্ত্ৰ আৰু অকনমান আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে৷