newsnextone.com | কাজিৰঙাঃ বন বিভাগে অভিযান চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা এগৰাকী গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গঁড় হত্যাৰ বাবে পৰিকল্পনা কৰা লোকজনক বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত শুকানিগাঁৱৰ পৰা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে৷ পাপু বৰা নামৰ লোকজনক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী বিষয়া ৰোহিনী বল্লৱ শইকীয়া জনোৱা মতে, যোৱা ৩০ মে’ত কাজিৰঙাত বনৰক্ষীয়ে দুজন গঁড় চিকাৰী আটক কৰিছিল।