কাজিৰঙাঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত আজিৰ পৰা তিনি দিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে কাজিৰঙাৰ কহঁৰাস্থিত বৰগছ পৰ্যটন নিবাসত ” স্বাস্থ্যসেৱা ব্যৱস্থাৰ উত্তম আৰু অনুকৰণযোগ্য অনুশীলন সম্পৰ্কত পঞ্চম ৰাষ্ট্ৰীয় ২০১৮ ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হয়।
আজি এই সন্মিলন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ কাৰণে সমগ্ৰ দেশৰ লগতে অসমতো স্বাস্থ্য সেৱাত দ্ৰুত গতিত উন্নয়ণ আৰম্ভ হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধান মন্ত্ৰীৰ শুভ দৃষ্টি পৰাত নতুন নতুন আচঁনিৰে জনসাধাৰণৰ উন্নয়ণ সম্ভৱ হৈ উঠিছে । অসমত বিভিন্ন দিশত উন্নয়ণৰ পথ দেখি নব্য প্ৰজন্মৰ মনত এক জাগৰণ সৃষ্টি হৈছে বুলি মুখ্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । অন্যহাতে বিশ্বৰ একমাত্ৰ এটা খড়্গ থকা গড়ঁৰ বসতি স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি কাজিৰঙাৰ বিষয়ে সম্পৰ্কীয় লোকৰ মাজত প্ৰচাৰ কৰিবলৈ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধি সকলক আহ্বান জনায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।