কাজিৰঙাঃ সমগ্ৰ বিশ্বতে কৰ’নাতংকই মানৱ জাতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে বিশ্ব অৰ্থনীতিলৈকো কঢ়িয়াই আনিছে মন্দাৱস্থা৷ কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ ফলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ আয়ৰ পথসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ ইয়াৰ লগে লগে দৈনিক উপাৰ্জনৰে জীৱন নিৰ্বাহ কৰা লোকসকলৰ মাজত সম্প্ৰতি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ এনে সংকটৰ সময়ত সেই দৰিদ্ৰ লোকসকলক যৎপৰোনাস্তি সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিছে কাজিৰঙাৰ দল-সংগঠন তথা কেইবাজনো ব্যক্তি৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত কাজিৰঙা আঞ্চলিক সমিতিৰ সহযোগত কাজিৰঙাৰ বিভিন্ন প্ৰান্তৰৰ দৰিদ্ৰ সীমাৰেখা তলৰ ২৫ টা পৰিয়ালক খাদ্য সামগ্ৰী চাউল, দাইল, আলু, মিঠাতেলৰ উপৰিও চাবোন আদি বিতৰণ কৰা হয়। সংগঠনটোৰ জিলা সমিতিৰ সভাপতি নীলোৎপল খাউণ্ড, সাধাৰণ সম্পাদক অনন্ত গগৈ, কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিপুল বৰাৰ নেতৃত্বত যোৱা এটা দলে উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে৷

উল্লেখ্য যে ৰাজ্যত ক’ৰনাতংক মাৰ নোযোৱা পৰ্যন্ত জিলাখনৰ প্ৰত্যেকখন আঞ্চলিকৰ ২৫ টাকৈ দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালক সংগঠনটোৱে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ঘৰে-ঘৰে গৈ যোগান ধৰি যাব বুলি জানিবলৈ দিছে সগঠনটোৱে৷ তদুপৰি ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলি থকা তলাবন্ধৰ ফলত অসহায় হৈ পৰা আৰ্থিকভাৱে দুৰ্বল লোকসকলক জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো দল-সংগঠন আৰু এন জি অ সমূহক একত্ৰিত হৈ সহায় সহযোগিতা আগবাঢ়াবলৈ আহ্বান জনাইছে সংগঠনটোৰ বিষয়ববীয়াসকলে৷

অন্যহাতে ১ নং কহঁৰা বগৰীজুৰিত গাঁও নিবাসী ব্যৱসায়ী তিনি ভাতৃ উত্তম সাহা, নিপন সাহা আৰু ৰিঠন সাহাই আজি ১ নং কহঁৰা, হালুৱা এন চি আদি গাৱঁত প্ৰায় এশঘৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷ সমান্তৰালভাৱে কাজিৰঙাৰ কহঁৰাৰ বিভিন্ন স্থানৰ প্ৰায় ৫০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্যৰ টোপোলা বিতৰণ কৰে অসম আৰক্ষীৰ জোৱান প্ৰশান্ত বৰাৰ নেতৃত্বত ৫ জনীয়া যুৱকৰ এটা দলে৷ কাজিৰঙাৰ দল-সংগঠনৰ লগতে ব্যক্তিগতভাৱে গ্ৰহণ পৰা এনে পদক্ষেপক শলাগ লৈছে সচেতন মহলে৷