পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ সাম্প্ৰতিক কালত পৃথিৱীৰ ভিন্ন প্ৰান্তৰ মানুহৰ মাজত দ্ৰুততম সংযোগ স্থাপনৰ অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম হৈছে ৱাটচ্ এপ। এশ্ৰেণী প্ৰৱল বৌদ্ধিক চিন্তা সম্পন্ন সদস্যৰে গঠিত ‘শুদ্ধচিন্তা’ নামৰ তেনে এটি ৱাটচ্ এপ গ্ৰুপে আলোচনা সত্ৰ অনুষ্ঠিতকৰণ, বৃক্ষৰোপণ, পুথি প্ৰকাশ আদি কেতবোৰ জনমুখী কাৰ্যসূচী ৰূপায়ণেৰে একান্তচিত্তে জীৱন আৰু সমাজৰ উৎকৰ্ষ সাধনত ব্ৰতী হৈ আছে।
শদিয়াৰপৰা ধুবুৰীলৈকে বিভিন্ন পেশাত নিয়োজিত এইকেইজন লোকৰ ৱাটচ্ এপ গ্ৰুপ ‘শুদ্ধচিন্তা’ই ছপা আকাৰত গল্প সংকলন, গ্ৰুপত চৰ্চিত বিভিন্ন বিষয় সন্নিবিষ্ট কৰি প্ৰায় ৪০০ পৃষ্ঠাৰ ‘শুদ্ধচিন্তা’ নামৰ গ্ৰন্থ আৰু একে নামৰ শীৰ্ষক এখন বুলেটিন প্ৰকাশেৰে ২০১৫ চনৰপৰা লৈ আহিছে এক ব্যতিক্ৰমী কাৰ্যক্ৰম। যোৱা ৭ জুলাইত বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত গোটটোৰ চতুৰ্থ বাৰ্ষিক জন্ম জয়ন্তী উপলক্ষ্যে অনুষ্ঠিত হয় এখনি প্ৰীতি সন্মিলন।