পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ ভয়াৱহ বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ কাজিৰঙাৰ বানৰ কালৰূপ ত্ৰস্তমান কাজিৰঙাবাসী৷ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে বাগৰিছে পানী৷ মাজলাইন, হালধিবাৰীৰ একাধিক স্থানত বাগৰিছে পানীবৰবিল, ভূঞাগাঁও, ৰঙাজান, হাতীখুলি, লুখুৰাখনীয়া, দ-গাঁও, বেজগাঁও, শ’লমৰা, আদিকে ধৰি কাজিৰঙাৰ বহু অঞ্চল প্লাবিত হৈ পৰাৰ ফলত গৃহহাৰা হ’ব লগা হৈছে এই অঞ্চলৰ ৰাইজ৷ পথৰ দাঁতিত নতুবা বিদ্যালয় সমূহত আশ্ৰয় গ্ৰহণ কৰিব লগা হোৱা এই অঞ্চলসমুহৰ ৰাইজে সম্প্ৰতি খাদ্যৰ বাবে হাহাকাৰ কৰিব লগীয়া অৱস্থাৰো সৃষ্টি হৈছে৷
উদ্যানখনৰ বন্যপ্ৰাণীৰ হাহাঁকাৰ এতিয়া কাজিৰঙাৰ চাৰিওদিশে৷ কাজিৰঙাৰ বানৰ সংহাৰী ৰূপত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে দিক-বিদিক হেৰুৱাইছে৷ বছৰৰ প্ৰথমটো ভয়াৱহ বানত ককবকাই বন্যপ্ৰাণীয়ে আপ্ৰাণ চেষ্টা চলাইছে প্ৰাণৰক্ষাৰ বাবে৷