কাজিৰঙাঃ জীৱন যুদ্ধ বুলি কলে ভুলকৈ কোৱা নহ’ব৷ মাতৃক ওচৰত নাপায় শোকৰ সাগৰত ডুবি থকা এটা বনৰীয়া হাতী পোৱালীৰ আৰ্তনাদে কন্দুৱাইছে বন বিভাগক৷ এমাহৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অটব্য অৰণ্যৰ মাজত মাতৃৰ পৰা বিছিন্ন হৈ পৰিছিল এই কনমানি বনৰীয়া হাতী পোৱালীটো৷ নিজ মাতৃৰ পৰা বিছিন্ন হোৱাৰ পাছতেই অৰণ্যৰ মাজত হাহাকাৰ কৰি ফুৰা হাতী পোৱালীটো অৱশেষত উপস্থিত হৈছিল বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ সমীপত৷
বিগত এমাহ ধৰি বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ ওচৰে-পাজৰে ঘূৰি ফুৰা কনমানি হাতী পোৱালীটোক দেখা পাইছিল বনকৰ্মী আৰু পৰ্যটকে৷ কিন্তু বিগত এমাহে মাতৃৰ দুগ্ধৰ পৰা বিছিন্ন হোৱা হাতী পোৱালীটো ক্ৰমাৎ দুৰ্বল হৈ আহিছে৷ অৱশেষত শুকুৰবাৰে পুৱাই দুৰ্বল হাতী পোৱালীটো ঢলি পৰে মাটিত৷ লগে-লগে পশু চিকিৎসকৰ এটা দল বাগৰি বনাঞ্চলিক কাৰ্যালয়ত উপস্থিত হৈ হাতী পোৱালীটোক চিকিৎসা প্ৰদান কৰে যদিও সুস্থ কৰি তুলিবলৈ সক্ষম ন’হল ৷