104
পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত কাজিৰঙাৰ বছাগাঁও নিবাসী তথা বোকাখাত চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া লক্ষী প্ৰসাদ বৰা (৫২) সোমবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।
জানিব পৰা মতে ১৩ এপ্ৰিলত উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। আজি সন্ধিয়া প্ৰায় ৬-৩০ বজাত উক্ত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।